Delhi News: দিল্লীত চলিব যোগীৰ মডেল;আৰম্ভ হ’ল বিজেপিৰ এক্সন
নিউজ ডেস্ক,১১ফেব্ৰুৱাৰী : দিল্লীত চলিব যোগীৰ মডেল।আৰম্ভ হ’ল বিজেপিৰ এক্সন। দিল্লীৰ মুস্তাফাবাদৰ নাম হ’ব শিৱ পুৰী ।
দিল্লী নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ মাত্ৰ দুটা দিন পাৰ হৈছে। এতিয়াও ঠিক হোৱা নাই কোন হব দিল্লীৰ মুখ্যমন্ত্ৰী। কেজৰীৱালৰ আম আদমী পাৰ্টীক পৰাস্থ কৰি বিজেপিয়ে ২৭ বছৰ পাছত দিল্লীৰ শাসনভাৰত বহিল। এক ঐতিহাসিক জয়ৰে দেশবাসীক চমক দিলে বিজেপিয়ে। দিল্লী শাসনভাৰ বিজেপিৰ হাতত যোৱাৰ পাছতেই দিল্লীত থকা বহুকেইখন ঠাইৰ নাম হিন্দু নামেৰে নামাকৰন কৰা হব বুলি বিজেপিৰ এগৰাকী বিধায়কে কয়।বিজেপি বিধায়ক মোহন সিং বিষ্টিয়ে ndtv ৰ সাক্ষাতকাৰত কয়… নামসলনি কৰিলে সমস্যা ক’ত?
দিল্লীৰ মুস্তাফাবাদ সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থী গৰাকীক 17578 ভোটত পৰাজয় কৰি জয়ী লাভ কৰে মোহন সিং বিষ্টিয়ে। মোহন সিং বিষ্টিয়ে জয়া লাভ কৰাৰ পাছতেই কয় দিল্লীত থকা অনুপ্ৰৱেশকাৰীৰ ওপৰতো চলিব বুলডজাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা ভাষণত এই কথাৰ ইংগিত দিয়ে। দিল্লীৰ কাষতে লাগি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ মোডেল চলিব দিল্লীত(Delhi News)।
বিজেপি বিধায়ক গৰাকীৰ মন্তব্যৰ পাছতেই গিল্লীত থকা মুছলমান সকলৰ মাজত চৰ্চা চলিছে। মুছলমানৰ নামত থকা ঠাই সমুহৰ নাম লাহে লাহে হিন্দু নামেৰে নামাকৰণ কৰা হব।
মুস্তাফাবাদৰ নতুন নাম হ’ব শিৱ পুৰী বা শিৱ বিহাৰ। মুস্তাফাবাদতসংখ্যাগৰিষ্ঠ হিন্দু আছে। মুস্তাফাবাদৰ পৰিৱৰ্তে শিৱ পুৰী বা শিৱ বিহাৰ কিয় হ’ব নোৱাৰে? মই নিশ্চিতভাৱে এইটো কৰিম । বুলি মন্তব্য কৰে বিধায়ক মোহন সিং বিষ্টিয়ে।