Local, Vocal, Global

Jorhat News:যোৰহাটত পৌৰসভাৰ ঠিকাদাৰৰ ময়মতালি

যোৰহাট,১০ফেব্ৰুৱাৰী : যোৰহাট পৌৰসভা এতিয়া এচাম ঠিকাদাৰৰ বাবে সোণৰ কণী পৰাৰ হাঁহলৈ পৰিণত হৈছে।

এচাম ঠিকাদাৰে নিম্ন মানদণ্ডৰে কাম কৰি ধন লুটাৰ চেষ্টা কৰাৰ অভিযোগ। পৌৰসভাৰ ঠিকাদাৰৰ কামৰ নমুনা দেখি সাধাৰণ বাটৰুৱা ৰাইজৰো চকু কপালত উঠিছে। পৌৰসভাৰ কার্যালয়ৰ একেবাৰে সমীপৰ পুৰণা অসম ৰাজ্যিক বাছ আস্থানৰ সম্মুখত এটি পুৰণি নৰ্দমা চাফা নকৰাকৈয়ে কাঠৰ পৰিবৰ্তে বাঁহ ব্যৱহাৰ কৰি শ্লেপ ধালাই কৰাৰ অভিযোগ উত্থাপন হৈছে(Jorhat News)।

ইতিমধ্যে এখন শ্লেপ তেনেকৈ ধালিলে । ফলত শ্লেপখন এদিনতে বহি যোৱাৰ পৰিলক্ষিত হৈছে। সেই একেই ধৰণে উক্ত নৰ্দমাটোত আন এফালে তেনেকৈয়ে আৰু এখন শ্লেপ ধালাই কৰাৰ প্ৰস্তুতি কৰিছে ।

চাওক এই দৃশ্য কাঠৰ পৰিবৰ্তে কেনেকৈ বাঁহৰ কামী ব্যৱহাৰ কৰিছে । ইফালে নৰ্দমাতো জাৱৰেৰে ভৰ্তি হৈ আছে । ইয়াৰ উপৰিও মিহি বালি ব্যৱহাৰ কৰি শ্লেপখন একেবাৰে নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে। ফলত ইতিমধ্যে ধালাই কৰা শ্লেপসমূহৰ কিছু অংশ বহি যোৱা দেখিবলৈ পোৱা গৈছে । স্থানীয় লোকে এই নৰ্দমাতো ভালকৈ পৰিষ্কাৰ কৰি উন্নত মানদণ্ডৰ লগতে বিজ্ঞান সন্মত ভাবে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।

লগতে পঢ়ক:Udalguri News: ৫১৫ তম কেন্দ্রীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ প্রস্তুতি