Local, Vocal, Global

Gelakey News: গেলেকী বাগিচাৰ পৰিচালকৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ অভিযোগ

গেলেকী,১০ফেব্ৰুৱাৰী : গেলেকী বাগিচাৰ পৰিচালকৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ অভিযোগ

গেলেকী চাহ বাগিছাৰ ১৬ নং লাইনত চাহ শ্ৰমিকে ভোগ দখল কৰি থকা মাটি পৰিচালকে পৰোক্ষভাৱে বিক্ৰী কৰিবলৈ লোৱা বুলি অভিযোগ চাহ জনজাতি ছাত্ৰ সন্থাই ।

আজি পুৱা এই বিষয়টোক লৈ গেলেকী বাগিচাৰ কাৰ্যালয়ৰ সম্মুখত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে(Gelakey News)।

প্ৰতিবাদকাৰীসকলে বাগান পৰিচালকৰ বিৰুদ্ধে নানা শ্ল’গান দিয়া পৰিলক্ষিত হয় ।

বাগান পৰিচালকজনৈক বৰুৱা উপাধিৰ ব্যক্তিজনে অসম ভূমি চিলিং নিৰ্ধাৰণ আইন ১৯৫৬ সংশোধনিৰ নিয়ম উলংঘা কৰিছে বুলি মন্তব্য কৰিছে আটছাৰ বিষয়ববীয়াই ।

এই বিষয়ত আটছা নাজিৰা শাসাই এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে বাগান পৰিচালকক ।

ইফালে এই সমগ্ৰ বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গেলেকী চাহ বাগিছাৰ পৰিচালক প্ৰণৱ বৰুৱাই ।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই সমগ্ৰ বিষয়টো অসত্য বুলি মন্তব্য কৰিছে ।

গেলেকী বাগানৰ পৰিচালক হিচাপে কোনো ব্যক্তিক মাটি বিক্ৰী কৰা নাই লগতে আপত্তি বিহীন প্ৰমাণ পত্ৰ‌ও কাকো প্ৰদান কৰা হোৱা নাই বুলি মন্তব্য কৰে ।

লগতে গেলেকী বাগানৰ ১৬ নম্বৰ লাইনৰ বিষয়ে কেইবাটাও বিষয় উল্লেখ কৰে ।

আমাৰ হাতত বাগান পৰিচালক আৰু আটছাৰ বিষয়ববীয়াৰ মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো।

লগতে পঢ়ক:Dhubri News: ৰাজ্যজুৰি সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ