Maha Kumbh 2025: প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী : আজি মহাকুম্ভ মেলাত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ সোমবাৰে মহাকুম্ভ মেলাত উপস্থিত হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ত্ৰিবেণী সংগমৰ পবিত্ৰ স্থানত স্নান কৰে ৷
উল্লেখ্য যে মহাকুম্ভৰ সময়ত ত্ৰিবেণী সংগমৰ পবিত্ৰ স্থানত স্নান কৰা দ্ৰৌপদী মুৰ্মু হৈছে দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ৷ প্ৰথমগৰাকী হৈছে ৰাজেন্দ্ৰ প্ৰসাদ।দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ১৯৫৪ চনত অনুষ্ঠিত মহাকুম্ভত স্নান কৰিছিল(President Murmu Visits Maha Kumbh Mela) ৷
সোমবাৰে পুৱাৰ ভাগত বিশেষ বিমানৰ জৰিয়তে প্ৰয়াগৰাজত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ বিমানবন্দৰতে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দীবেন পেটেলে ৷ বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পোনপটীয়াকৈ মহাকুম্ভ মেলাত উপস্থিত হৈ অৰৌল ঘাটৰ পৰা জেটী হৈ ত্ৰিবেণী সংগমৰ পবিত্ৰ স্থানলৈ আগবাঢ়ে ৷ আধা বাটতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে তেওঁ পক্ষীক খাদ্য খুৱায়(Maha Kumbh 2025)৷
ত্ৰিবেণী সংগম স্থানত উপস্থিত হোৱাৰ পাছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গংগাত স্নান কৰে৷
লগতে পঢ়ক :Singer Priyanka Bharali: বৰমালা ডিঙিত পিন্ধি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ প্ৰিয়ংকা ভৰালীৰ