Massive fire breaks out in Moirabari: মৈৰাবাৰীত বিধংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ
মৈৰাবাৰী,৯ফেব্ৰুৱাৰী : মৈৰাবাৰীত বিধংসী অগ্নিকাণ্ড। মৈৰাবাৰীৰ দলৈগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬ নম্বৰ ৱাৰ্ড বৰথল কছাৰীগাঁৱত নিশাৰ ভাগত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সম্প্ৰতি জুইত ভস্মীভূত হয় ।
নিশাৰ ভাগত সংগঠিত হোৱা অগ্নিকাণ্ডৰ ফলত বিচনাত শুই থকা কেইবাজনো লোক গুৰুতৰ বাবে আহত হয়। ইফালে অগ্নিকাণ্ডৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্য়ু মুখত পৰে শাৰীৰিক বাবে অক্ষম মইনুল হক। অগ্নিকাণ্ডৰ বাবে দুটা পৰিয়ালৰ পায় ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।
স্থানীয় লোক আৰু মৈৰাবাৰী অগ্নিনিৰ্বাক বাহিনীৰ বিশেষ তৎপৰতাত বহু সময় পিছত জুই নুমুৱাবলৈ সক্ষম হয় যদিও জুইত ভস্মীভূত হয় বহু সা-সামগ্ৰী। পুৱাৰ ভাগত অগ্নিত জাহ যোৱা মাইনুল হকক মৈৰাবাৰী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱত অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে(Massive fire breaks out in Moirabari)।
জানিব পৰা মতে,ঘৰৰ ভিতৰত থকা চৌকাৰ পৰা জুইৰ সূত্ৰপাত হয়।
লগতে পঢ়ক :Tragic accident in Jamugurihat: এল্টো বাহনৰ খুন্দা চাইকেল আৰোহীক;নিহত আৰোহী