Local, Vocal, Global

Tragic accident in Jamugurihat: এল্টো বাহনৰ খুন্দা চাইকেল আৰোহীক;নিহত আৰোহী

জামুগুৰিহাট,৯ফেব্ৰুৱাৰী : শনিবাৰে নিশা জামুগুৰিহাটৰ সমীপৰ নপামৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি জামুগুৰিহাটৰ ভৰলী চাপৰিৰ চহৰ আলি নামৰ যুৱক জনে নপামৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেদি চাইকেলেৰে নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত তীব্ৰবেগী AS-07-Z-1015 নম্বৰৰ এল্টো বাহন খনে পিচফালৰ পৰা খুন্দিয়াই থৈ যায়৷ এল্টো বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহী চহৰ আলি(Tragic accident in Jamugurihat)৷

স্থানীয় ৰাইজে ততাতৈয়াকৈ গুৰুতৰভাবে আহত চহৰ আলিক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ভৰ্ত্তি কৰাই যদিও যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুৰ মুখত পৰে ৷

জানিব পৰা মতে উক্ত এল্টো বাহন খন তেজপুৰৰ পৰা লক্ষীমপুৰ অভিমুখী গৈ আছিল ৷ ইতিমধ্যে এল্টো বাহন আৰু চালক জনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বৰঘাট আৰক্ষীয়ে।

লগতে পঢ়ক :Drugs seized in Amingaon: মহানগৰীৰ আমিনগাঁৱত জব্দ ৪ কোটি টকা ড্রাগছ