Local, Vocal, Global

Rajib Sadiya Aadyaswardha today:আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ।

শদিয়াৰ নিজ গাঁও টুপচিঙাত আজি অনুষ্ঠিত হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ।ইতিমধ্যে হাজাৰ হাজাৰ লোকে আগভাগ লৈছে প্ৰয়াত ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ কৰ্মত।প্ৰায় ১লাখ শুভাকাংক্ষীক আগৰিবলৈ সাজু শদিয়াবাসী। অতিথিক আপ্যায়নৰ বাবে সাজু হৈছে শদিয়াৰ ১২৯খন গাঁৱৰ ৰাইজ।ৰান্ধানীঘৰত সাজু কৰি তোলা হৈছে ২৩টাকৈ চৌকা।কেইবাখনো গাঁৱৰ ৰাইজে প্ৰস্তত কৰিছে প্ৰায় ১০হাজাৰ পকা মিঠৈ।

ৰাজীৱ শদিয়াৰ অকাল বিয়োগৰ পাছতে সৃষ্টি হৈছিল অভূতপূৰ্ব পৰিৱেশৰ। দিনে নিশাই গণশিল্পী গৰাকীৰ ঘৰলৈ বৈছিল জনতাৰ স্ৰোত।অতি সাধাৰণ জীৱন যাপন কৰা ৰাজীৱ শদিয়াই জাতিৰ বাবে গীত গাই ৰাইজৰ হিয়াৰ আমঠু হৈ পৰিছিল। দেশপ্ৰেম মূলক গীতেৰে ৰাজ্যৰ সংগীত জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৰাজীৱ শদিয়া।
উল্লেখ্য যে, ১২ জানুৱাৰীত অৰ্থাৎ মাঘ বিহুৰ উৰুকাৰ আগদিনা গীত পৰিৱেশন কৰি থাকোতেই ঢলি পৰিছিল ৰাজীৱ শদিয়া। দুটা গীত পৰিৱেশন কৰি তিনি নম্বৰ গীতটো পৰিৱেশন কৰাৰ সময়তে হঠাৎ ঢলি পৰিছিল জনপ্ৰিয় শিল্পীগৰাকী।

লগতে পঢ়ক:Tragic road accident: বাইক আৰু স্কুটিৰ মাজত সংঘৰ্ষ;নিহত এজন