Gelakey News: শ্ৰী শ্ৰী নৱ-মাটি কাটনিপাৰ গেলেকী মৰাণবাৰী সত্ৰৰ ভাগৱত পাঠ,ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰ শুভাৰম্ভণি
গেলেকী,৮ফেব্ৰুৱাৰী : শ্ৰী শ্ৰী নৱ-মাটি কাটনিপাৰ গেলেকী মৰাণবাৰী সত্ৰৰ নৱ-নিৰ্মিত গুৰু আসন,মণিকূট,কীৰ্তন ঘৰ প্ৰতিষ্ঠা আৰু ভাগৱত পাঠ,ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰ শুভাৰম্ভণি ।
তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে অনুষ্ঠানটিৰ।আজি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় উষা কীৰ্তন পৰিৱেশনেৰে(Gelakey News)।
পৰৱৰ্তী কাৰ্যসূচী স্বৰূপে স্থানীয় ৰাইজৰ দ্বাৰা পৰিৱেশ নিকাকৰণ আৰু বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
পুৱা ৭ বজাত আৰম্ভ হয় মুখ্য তোৰণ উদ্ধোধনৰ মাংগলিক অনুষ্ঠান, উদ্ধোধক হিচাপে আছিল সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলিন্দ্ৰ বড়াই ।
তাৰ পিছতে বন্তি প্ৰজ্বলন কাযসূচী অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ যুটীয়া সম্পাদক প্ৰদীপ বৰুৱাই ।
পুৱা ৭ বাজি ৩০ মিনিটত সত্ৰৰ বাটচ’ৰা উন্মোচন কৰা হয় উন্মোচন কৰে মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া অৰুণজ্যোতি মৰাণে।
লগতে পঢ়ক :4th Srimanta Sankardeva Sangha Session: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত চুৰিকাণ্ড