Police raids various places in Mankachar district:নিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত আৰক্ষীৰ অভিযান
হাটশিঙিমাৰী,৮ফেব্ৰুৱাৰী : নিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাত আৰক্ষীৰ ধাৰাবাহিক অভিযান।অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৭ জনক আটক।
মানকাচৰৰ জোৰডাংগা দ্বিতীয় খণ্ডত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰু মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰী, উপ পৰিদৰ্শক নয়ন জ্যোতি গগৈৰ সহযোগত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ৫০ টা কফ ছিৰাফ, ১৮ ষ্টাইপ নিচাজাতীয় টেবলেটৰ লগতে ২ জনক আটক কৰে। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন হ’ল ফজু মিঞা (২২) আৰু আব্দুল আয়ুৱ (৩৪) বুলি জানিব পৰা গৈছে(Police raids various places in Mankachar district)।
ইফালে মানকাচৰৰ পূবেৰ গাওঁত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু উপ পৰিদৰ্শক চনুদেৱ বৰ্মনৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ১১ গ্ৰাম হেৰ’ইন, ৬২, ১২৫ নগত টকা, তিনিটা মোবাইল ফোন জব্দ কৰাৰ লগতে তিনিজনক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী তিনিজন হ’ল ছিৰাজ উদল্ল্যা ওৰফে ছটো বাবু, ৰিজুৱান উল ইছলাম আৰু হাসিনুৰ ইছলাম।
আনহাতে একে নিশাই দক্ষিণ শালমাৰাৰ ধেনাৰকুটিত দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে এচ খুবং উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱা আৰু উপ পৰিদৰ্শক কৌশিক দত্তৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ৩৪ গ্ৰাম হেৰ’ইন দুটা মোবাইল ফোন, ৭ টা ডেভিড কাৰ্ড আৰু চেকবুক জব্দ কৰাৰ লগতে দুজনক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন হ’ল সোলেমান সেইখ আৰু মিনাল হোছেইন বুলি জানিব পৰা গৈছে।