APCC PROTEST IN GUWAHATI: গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ
৭ ফেব্ৰুৱাৰী ২০২৫ ৱেবডেস্ক: গুৱাহাটীত আমেৰিকাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ । ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক অমানৱীয় আৰু অন্যায়ভাৱে বিতাড়ন কৰাৰ বিৰুদ্ধে আৰু আমেৰিকা চৰকাৰৰ দ্বাৰা ভাৰতৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । আমেৰিকাৰ এনে অন্যায়ৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ নীৰৱ ভূমিকাকো প্ৰদেশ কংগ্ৰেছে কঠোৰ ভাষাৰে গৰিহণা দিয়ে ।কালি আমেৰিকাই বিতাড়ন কৰিছিল ১০৪ গৰাকী অবৈধ ভাৰতীয়ক ।মার্কিন সেনাৰ বিমানেৰে অমৃতসৰত থৈ গৈছিল ভাৰতীয়ক।অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল মার্কিন প্রশাসনে শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে আমেৰিকাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে ৰাজীৱ ভৱনৰ পৰা জি এছ ৰোডলৈ ওলাই আহিবলৈ প্ৰয়াস কৰে যদিও আৰক্ষীয়ে বেৰিকেড দি বাধা প্ৰদান কৰে।
কিন্তু প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেডৰ বাধা নেওচি আগবাঢ়ি যাবলৈ চেষ্টা কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । আৰক্ষীয়ে বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি কেইবাজনো নেতা-কৰ্মীক আটক কৰি লৈ যায় ।
বিধায়ক জাকিৰ হুছেইন শিকদাৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “আমেৰিকাত ভাৰতীয় লোকৰ ওপৰত নিৰ্যাতন-অত্যাচাৰ চলোৱা হৈছে । হেণ্ডকাফ লগাই আৰু ভৰিত শিকলি লগাই আমেৰিকাৰ বিমানেৰে ভাৰতত থৈ গৈছে । তাৰ পাছতো প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । আমেৰিকাই ভাৰতীয় লোকক অপমান কৰিব নোৱাৰে । ইয়াৰ বিচাৰ আমাক লাগিব । আমেৰিকাৰ ৰঙা চকুক আমি ভয় নকৰো ।”
প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰকে ধৰি প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰি আমেৰিকাৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে মোদী চৰকাৰৰ নীৰৱতাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।