Local, Vocal, Global

Bilasipara missing case : বিলাসীপাৰাৰ এজন যুৱক যোৱা চাৰি বছৰ ধৰি নিৰুদ্দেশ

৭ ফেব্ৰুৱাৰী ২০২৫,বিলাসীপাৰা : বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ উপ- আৰক্ষী চকীৰ অন্তৰ্গত হেলাগাড়ী গাঁৱৰ এজন যুৱক যোৱা চাৰি বছৰ ধৰি নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোক শোকত ভাগি পৰিছে। জানিব পৰা মতে, হেলাগাড়ী গাঁৱৰ বাসিন্দা ৰাজীৱ লোচন নাথৰ একমাত্ৰ পুত্ৰ দীনবন্ধু নাথ(২৯) যোৱা ২০২১ চনৰ ১৯ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে। মানসিক বিকাৰগ্ৰস্ত যুৱক জনে নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে প্ৰথমাৱস্থাত নিজে নিজে উভতি আহিব বুলি বাট চাইছিল। পিছে সময় বাগৰাৰ লগে লগে পৰিয়ালৰ লোকে যুৱকজনক শংকিতহৈ বিভিন্ন স্থানত বিচাৰিবলৈ লয়। আজি প্ৰায় চাৰি বছৰ উকলিবলৈ লয় যদিও যুৱকজনৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই। উপায়ন্তৰহৈ ৰাণীগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল যদিও আজিপৰ্যন্ত সন্ধান উলিয়াব পৰা নাই। পিছত যোৱা ১৯ জানুৱাৰী ২৫ চনত সাপটগ্ৰাম আৰক্ষী চকীত আকৌ এজাহাৰ দাখিল কৰে। কোনোবাই যুৱক জনৰ সন্ধান পালে ৬০২৬০৫৩০৬৬ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ দৰিদ্ৰ পৰিয়ালটোৱে কাতৰ অনুৰোধ জনাইছে।