Bottle Gourd Benefits : পানীলাওৰ ঔষধি গুণ
![Bottle Gourd Benefits : পানীলাওৰ ঔষধি গুণ](https://mynewsne.com/wp-content/uploads/2025/02/7o0-750x430.jpeg)
৭ ফেব্ৰুৱাৰী ২০২৫ ৱেবডেস্ক:প্ৰায় সকলোৱে এই বিশেষ পাচলিৰ বিধৰ তৰকাৰী ৰান্ধি খায়, পাৰিলে এই পাচলিৰ ৰস খাওক, ইয়াৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি।পানীলাওৰ তৰকাৰীৰ খোৱাৰ পৰিবৰ্তে প্ৰতিদিনে পানীলাউৰ ৰস খাওক। যদিও পানীলাওৰ ৰসৰ সোৱাদ অলপ বেলেগ, তথাপিও ই শৰীৰৰ বাবে অতি উপকাৰী।পানীলাওৰ ৰসে ওজন কমায়। আঁহৰ উপৰিও পানীলাওত প্ৰচুৰ পৰিমাণে ভিটামিন, পটাছিয়াম, আইৰণ আদি থাকে। এই সকলোবোৰ উপাদানে ওজন কমাবলৈ সহায় কৰে। খালী পেটত এই ৰস খাব লাগে।পানীলাওৰ ৰসে হজম শক্তিত সহায় কৰে। পানীলাওত প্ৰচুৰ পৰিমাণে দ্ৰৱণীয় আঁহ থাকে যিয়ে সঠিক পাচনত সহায় কৰে।এই ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। পানীলাওৰ ৰসত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।প্ৰতিদিনে পানীলাওৰ ৰস খালে আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকিব। ই হৃদৰোগ উন্নত কৰাৰ লগতে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰেএই ৰসে যকৃতৰ স্বাস্থ্য ৰক্ষা কৰে।