Local, Vocal, Global

Rose Day : আজি Rose Day ! আপুনিও আপোনাৰ ভালপোৱা জনক দিয়ক এপাহ ৰঙা গোলাপ

৭ ফেব্ৰুৱাৰী ২০২৫ ৱেবডেস্ক:আজি ৭ ফেব্ৰুৱাৰী অৰ্থাৎ Rose Day। আজি আপুনিও আপোনাৰ ভাল পোৱা জনক দিয়ক এপাহ ৰঙা গোলাপ।ৰঙা গোলাপে প্ৰেমক সূচায়। সেয়েহে প্ৰেমিক-প্ৰেমিকাই এজনে আনজনক দিয়ে। আনহাতে, হালধীয়া গোলাপে বন্ধুত্ব আৰু নতুন আৰম্ভণিৰ আনন্দ সূচায় সেয়েহে এই ৰঙৰ গোলাপ নিজ বন্ধু-বান্ধৱক দিব পাৰি।বগা গোলাপে নিৰ্দোষতা আৰু বিশুদ্ধতা প্ৰকাশ কৰে আৰু কমলা গোলাপে আকাংক্ষা প্ৰকাশ কৰে। আনহাতে, গুলপীয়া গোলাপে প্ৰশংসা আৰু কৃতজ্ঞতা বুজায়। গতিকে, আপুনি নিজৰ সম্পৰ্ক তথা ঘনিষ্ঠতা অনুসৰি বিভিন্ন ৰঙৰ গোলাপ দিব পাৰে। আজিৰ দিনটো ভেলেণ্টাইন ডে’ৰ প্ৰথমটো দিন অৰ্থাৎ Rose Day হিচাপে উদযাপন কৰা হয়। এই দিনটোত প্ৰেমিক যুগলে ইজনে-সিজনক ৰঙা গোলাপ ফুল দি নিজৰ মনোভাৱ, মৰম, ভালপোৱা ব্যক্ত কৰে।ভেলেণ্টাইন দিৱস যুৱসমাজ তথা প্ৰেমত থকা লোকসকলৰ বাবে বিশেষ। এই দিনটোতে তেওঁলোকে নিজৰ প্ৰিয়জনক নিজৰ ভালপোৱা, মৰম ব্যক্ত কৰে আৰু মনৰ কথা ভাগবতৰা কৰে। অৱশ্যে, ভেলেণ্টাইন দিৱস সাতদিনীয়াকৈ উদযাপন কৰা হয় আৰু ইয়াৰ প্ৰতিটো দিনৰ মহত্ব তথা পৰিভাষা পৃথক।যদিও Rose Dayৰ দিনটোত ৰঙা গোলাপ অধিক ব্যৱহাৰ কৰা দেখা যায় আৰু প্ৰেমত থকা লোকসকলে ইজনে-সিজনক ৰঙা গোলাপ দিয়ে, তথাপিও কিন্তু, আমি আমাৰ বন্ধুবৰ্গ আৰু পৰিয়ালক অন্য ৰঙৰ গোলাপ উপহাৰ দিব পাৰে। ফুল দিব পাৰে।