Local, Vocal, Global

Abhayapuri school:গুণোৎসৱৰ সময়ত পোহৰলৈ আহিছে শিক্ষাখণ্ডৰ অনগ্ৰসৰতাৰ এখন জীয়া ছবি

৩ফেব্ৰুৱাৰী ২০২৫,অভয়াপুৰী:ৰাজ্যৰ শিক্ষাখণ্ডৰ গুণগত মান নিৰ্ণয় কৰিবলৈ ৰাজ্যত আৰম্ভ হৈছে গুণোৎসৱ। ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখৰ পৰা ৰাজ্যৰ ১০ খন জিলাত অনুষ্ঠিত হৈছে তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ ।কিন্তু এই গুণোৎসৱৰ সময়ত পোহৰলৈ আহিছে শিক্ষাখণ্ডৰ অনগ্ৰসৰতাৰ এখন জীয়া ছবি ৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত ৫৮০ নং কাছাৰিপেটী প্ৰাথমিক বিদ্যালয়ৰ । বিদ্যালয়খন বিগত ২০২২ চনত আই নৈৰ বানত সম্পূৰ্ণৰূপে নৈত জাহ গৈছে তাৰ পিছতে অস্থায়ীভাৱে বিদ্যালয় গৃহ নিৰ্মাণ কৰে । ১৫৩ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ পৰ্যাপ্ত শ্ৰেনী কোঠা নথকাৰ বাবে একেটা কোঠাতে পাঁচটাকৈ শ্ৰেণী পাঠদান কৰিব লগিয়া হয় ।শিক্ষক-অভিভাৱক সকলে বহুবাৰ বিদ্যালয়খনৰ অভাৱ অভিযোগ সমূহ অৱগত কৰি আহিছে যদিও কোনো ধৰনৰ গুৰত্ব নিদিয়ে বিভাগীয় কতৃপক্ষই । আন্তঃগাথনি আৰু উপযুক্ত সা-সুবিধাৰ অভাৱত এতিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে বিদ্যালয়খনত ।