Local, Vocal, Global

Cow thieves in Aagyathuri: কামৰূপৰ আজ্ঞাঠুৰিত গৰু চোৰৰ সন্ত্ৰাস

নিউজ ডেস্ক,৬ফেব্ৰুৱাৰী : কামৰূপৰ আজ্ঞাঠুৰিত গৰু চোৰৰ সন্ত্ৰাস । পুৱতি নিশা আজ্ঞাঠুৰিৰ গাওঁবুঢ়া চ’কৰ সমীপত এটা পৰিয়ালৰ গোহালিৰ পৰা গৰু চোৰ কৰি বিলাসী বাহনত ভৰাবলৈ লওতে স্থানীয় লোকে প্ৰত্যেক্ষ কৰে।লগে লগে ঘটনাক কেন্দ্ৰ কৰি হয় উত্তপ্ত পৰিস্থিতিৰ।

বিলাসী বাহনসহ চাৰিগৰাকী চোৰক আটক কৰি উত্তম-মধ্যম খোধাই আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে । গৰু চোৰৰ এই বৃহত দলটোৰ চাৰিগৰাকী ৰাইজে আটক কৰে যদিও ছুইফট ডিজিয়াৰ সহ অন্য চোৰ কেইজন পলাই যাবলৈ সক্ষম হয় । এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে । ইতিমধ্যে চোৰ ধৰিব নোৱাৰা দদৰা আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে ক্ষুব্ধ ৰাইজে(Cow thieves in Aagyathuri)।

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ওপৰত তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক :Oil Thief: উজনিত খাৰুৱা তেলচোৰৰ দৌৰাত্ম্য; তিনিচুকীয়াত বাহনসহ জব্দ খাৰুৱা তেলৰ ড্ৰাম