Bangladesh Violence:পুনৰ উত্তপ্ত হৈ উঠিছে বাংলাদেশৰ পৰিস্থিতি;শ্বেখ মজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত বাসগৃহত চলিল ক্ষুব্ধ জনতাৰ আক্ৰমণ
নিউজ ডেস্ক,৬ফেব্ৰুৱাৰী : পুনৰ অগ্নিগৰ্ভা বাংলাদেশৰ পৰিস্থিতি৷ বুধবাৰে নিশাৰ পৰা বাংলাদেশত বিৰাজ কৰে উত্তপ্ত পৰিস্থিতি। শ্বেখ মজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত বাসগৃহত চলিল ক্ষুব্ধ জনতাৰ আক্ৰমণ। ঢাকাস্থিত ‘বংগবন্ধু’ শ্বেইখ মুজিবুৰ ৰহমানৰ বাসগৃহত অগ্নিসংযোগ(Bangladesh Violence)৷
দিল্লীত নিৰাপদ স্থানত থাকি শ্বেখ হাছিনাই বাংলাদেশৰ ছাত্ৰ আৰু জনতাক উদ্দেশ্যি ভাষণ দিয়াৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হয়। শ্বেখ হাছিনাৰ ভাষণৰ পাছতে ‘ধানমন্দীলৈ যাত্ৰা’ শীৰ্ষক এক প্ৰতিবাদী সমদল উলিয়াই ছাত্ৰ সংগঠনৰ লগতে একাংশ জনতাই। এই সমদল ধানমন্দী-৩২ত গৈ উপস্থিত হোৱাৰ পাছতে হিংসাত্মক ৰূপ ধাৰণ কৰে।
আজি দেশজুৰি প্ৰতিবাদ ঘোষণা কৰিছিল আৱামী লীগে।প্ৰতিবাদৰ পূৰ্বে সংঘটিত হয় এই ঘটনা ।