Local, Vocal, Global

Bilasipara News: বিলাসীপাৰাত জলসিঞ্চন বিভাগৰ এটি প্ৰকল্পকলৈ চৰম বিপদৰ সন্মুখীন হৈ হাজাৰ হাজাৰ খেতিয়ক

বিলাসীপাৰা,৬ফেব্ৰুৱাৰী : বিলাসীপাৰাত জলসিঞ্চন বিভাগৰ এটি প্ৰকল্পকলৈ চৰম বিপদৰ সন্মুখীন হৈ হাজাৰ হাজাৰ খেতিয়ক। কাণসাৰ নাই বিলাসীপাৰা পূৱ উপ সংমণ্ডলৰ জলসিঞ্চন বিভাগৰ।

প্ৰকল্পটোৰ দায়িত্ব থকা বিষয়া কৰ্মচাৰী আব্দুল আৱাল সেখ আৰু মুছলিম উদ্দিনে ঘৰত বহি দৰমহা লোৱাৰ অভিযোগ। হাজাৰ হাজাৰ বিঘা খেতি পথাৰত ধান ৰোৱাৰ বঞ্চিত কৃষক সকল(Bilasipara News)।

উল্লেখ্য যে,জলসিঞ্চন বিভাগৰ ফুটকিবাৰীৰ বৰুৱাপাৰাৰ গৌৰাং নদীত থকা পানী প্ৰকল্পটো বিগত এবছৰৰ পৰা সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে। যাৰ বাবে ইৰি ধান খেতি কৰাক লৈ হাজাৰ হাজাৰ খেতিয়কৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। অতি শীঘ্ৰে বন্ধ হৈ থকা পানীৰ প্ৰকল্পটো সক্ৰিয় কৰি খেতিয়কসকলক পানী যোগান ধৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে খেতিয়কসকলে।

লগতে পঢ়ক :94th Sankardev Sangha’s Session: আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন