Local, Vocal, Global

94th Sankardev Sangha’s Session: আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন

যোৰহাট,৬ফেব্ৰুৱাৰী : আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শংকৰদেৱ সংঘৰ অধিৱেশন। কৃষ্ণ বন্দনাৰে মুখৰিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ(94th Sankardev Sangha’s Session)। এতিয়া সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে হৰিনামৰ অমিয়া বাণী ।

ইফালে শংকৰ সংঘৰ অধিবেশন উপলক্ষে বুধবাৰে অধিবেশনস্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা । অধিবেশনস্থলীত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাক উষ্ম আদৰণি জনোৱা হয় । অধিবেশনস্থলীত উপস্থিত হোৱাৰ লগে লগে শংকৰদেৱ সংঘৰ যুৱ বাহিনীৰ লগতে আইমাতৃসকলে পদাধিকাৰগৰাকীক উষ্ম আদৰণি জনায়।

লগতে পঢ়ক :Corruption:ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ চৰকাৰী বিষয়া