Local, Vocal, Global

Chapar Eviction :চাপৰৰ ধীৰঘাটত উচ্ছেদ অভিযান;বৃহৎ সামৰিক অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলে অভিযান

চাপৰ,৪ফেব্ৰুৱাৰী: চাপৰৰ ধীৰঘাটত উচ্ছেদ অভিযান। বৃহৎ সামৰিক অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলে এই অভিযান।

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰেয়াৰঝাৰ দ্বিতীয় খণ্ড গাঁও তথা ধীৰঘাটত বজাৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণৰ নামত চলে উচ্ছেদ অভিযান। চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ধীৰঘাট বজাৰৰ ৩৪২ নং পট্টাৰ ৪৬৯ নং দাগৰ ৪ বিঘা ১কটা ১৯ লেচা মাটিৰ ১ বিঘা ২৫ লেচা মাটি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত অধিগ্ৰহণ কৰে বুলি জানিব পৰা যায়(Chapar Eviction)।

কিন্তু পট্টাদাৰে উপযুক্ত মূল্য তথা ক্ষতিপূৰণ নোপোৱাত উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইতিমধ্যে গোচৰৰ টো উচ্চ ন্যায়ালয়ত চলি থকাৰ মাজতে হঠাৎ আজি উচ্ছেদ কৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। অহা ৬ ফেব্ৰুৱাৰী ২০২৫ ইং তাৰিখে উচ্চ ন্যায়ালয়ত গোচৰৰ তাৰিখ আছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ অপেক্ষা নকৰি চৰকাৰে প্ৰশাসনে উচ্চ ন্যায়ালয়ক অৱমাননা কৰি এই উচ্ছেদ চলায় বুলি অভিযোগ উত্থাপন কৰে। প্ৰায় বজাৰখনত ৫০ টাকৈ পৰিয়ালৰ শতাধিক দোকান উচ্ছেদৰ নামত ভাঙি পেলায়। উচ্ছেদৰ ফলত দিশহাৰা হৈ পৰে দোকানী সকল। ইয়াৰ উপৰি ইচ্ছাকৃতভাৱে নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ ভিতৰত নথকা দোকানঘৰো ভাঙি দিয়াৰ অভিযোগ উঠে।

আনপিনে চক্ৰ বিষয়া গৰাকীয়ে জানিব দিয়ে মতে চৰকাৰ আৰু ন্যায়ালয়ৰ অনুমতি সাপেক্ষে উচ্ছেদ চলোৱা হৈছে। কিন্তু গোচৰটো উচ্চ ন্যায়ালয়ত চলি আছে বুলি স্বীকাৰ কৰে চক্ৰ বিষয়া গৰাকীয়ে।

লগতে পঢ়ক :In a first, Book Fair to be held in Kaliabor: প্ৰথমবাৰৰ বাবে কলিয়াবৰত অনুষ্ঠিত হ’ব কলিয়াবৰ গ্ৰন্থমেলা