Local, Vocal, Global

Leopard terror in Khowang: খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস

মৰাণ,৪ফেব্ৰুৱাৰী : খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস।

মৰাণৰ সমীপৰ খোৱাঙৰ বঙালী সোনোৱাল গাঁৱত নাহৰফুটুকীৰ সন্ত্ৰাসত ত্ৰস্তমান হৈ পৰিছে গাঁওবাসী । নাহৰফুটুকীৰ ভয়ত ঘৰৰ ভিতৰৰ পৰা মানুহ ওলাব নোৱাৰাৰ পৰিস্থিতি সৃষ্টি হৈছে । মুক্তভাৱে বিচৰণ কৰি ফুৰা নাহৰফুটুকীয়ে দিনৰ পোহৰতে ইতিমধ্যে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ গৰু নিধন কৰাৰ লগতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰিছে ।

উপায়হীন হৈ পৰিছে গাঁওবাসী । গাঁওখনৰ মূল পথেৰে এতিয়া খোজ কাঢ়ি যাব নোৱাৰা পৰিস্থিতি সৃষ্টি হৈছে।বন বিভাগৰ কোনো ধৰণৰ সহাৰি নাই।গাঁওখনত পিঞ্জৰা স্থাপন কৰি নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ গাঁওবাসীয়ে বন বিভাগক আহ্বান জনাইছে(Leopard terror in Khowang)।

লগতে পঢ়ক :An exceptional nature-friendly wedding: জামুগুৰিহাটৰ পাঁচিগাঁৱত এখন ব্যতিক্ৰমী বিবাহ