Local, Vocal, Global

An exceptional nature-friendly wedding: জামুগুৰিহাটৰ পাঁচিগাঁৱত এখন ব্যতিক্ৰমী বিবাহ

জামুগুৰিহাট,৪ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ পাঁচিগাঁৱত এখন ব্যতিক্ৰমী বিবাহ। বিলাসী বাহনৰ পৰিবৰ্তে কইনাৰ ঘৰলৈ দৰা আহিল গৰু গাড়ীত। ফুলৰ মালাৰে সজ্জিত গৰুগাড়ীত বহি ৰঞ্জন ওজা নামৰ যুৱকজনে উপস্থিত হ’লহি নিকটৱৰ্তী গাঁৱৰ কইনা বিপাশা ভূঞাৰ ঘৰত।

বৰযাত্ৰী সকলো আহিল নাচিবাগি আনন্দ মনৰে খোজকাঢ়ি। কইনাৰ ঘৰত উপস্থিত হোৱাৰ পাছতে বিবাহৰ সকলো মাংগলিক পৰম্পৰা ৰক্ষা কৰি সম্পন্ন হ’ল বিবাহ। গৰু গাড়ীত আহি নিজকে সুখী বুলি অনুভৱ কৰা দৰা ৰঞ্জন ওজাই পুৰণি দিনৰ পৰম্পৰা ৰক্ষা কৰিবলৈ বাবেই এইদৰে হেপাঁহৰ বিয়াখনত গৰু গাড়ীত দৰাহৈ উঠি অহাৰ সিদ্ধান্ত লোৱাৰ কথাত জানিবলৈ দিয়ে(An exceptional nature-friendly wedding)।

উল্লেখ্য যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই আধুনিক পৃথিৱীখনত ৰঞ্জন ওজা নামৰ যুৱকজনে চাৰিচকীয়া গাড়ীৰ পৰিবৰ্তে আজু ককাৰ দিনৰ পুৰণি পৰম্পৰা ৰক্ষা কৰি এইদৰে গৰুগাড়ীত উঠি কইনা নিবলৈ অহা কাৰ্যই সকলোকে ৰোমাঞ্চিত কৰি তুলিছে(An exceptional nature-friendly wedding in Jamugurihat)।

লগতে পঢ়ক :Road accident in Kaliabor: ট্ৰাকত খুন্দা স্কুটীৰ; আহত এজন