Local, Vocal, Global

Singer Bina Bhagawati passes away: প্ৰবীণ কণ্ঠশিল্পী বীণা ভাগৱতীৰ দেহাৱসান

নিউজ ডেস্ক,৩ফেব্ৰুৱাৰী : প্ৰবীণ কণ্ঠশিল্পী বীণা ভাগৱতীৰ দেহাৱসান। সোমবাৰে পুৱা ৬ বাজি ১০ মিনিটত গুৱাহাটীৰ জু-ৰোডৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে । মৃত্যুৰ সময়ত কণ্ঠশিল্পীগৰাকীৰ বয়স আছিল ৮৮ বছৰ ।

প্ৰবীণ কণ্ঠশিল্পী বীণা ভাগৱতীৰ জন্ম হৈছিল ১৯৩৭ চনৰ ১২ ডিচেম্বৰত কামৰূপৰ পলাশবাৰী অঞ্চলত । জন্মৰে পৰা এটা সংগীতমধুৰ সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা বীণা ভাগৱতীয়ে পাঁচ বছৰ বয়সতে তাহানিৰ ‘আৱাহন’ৰ লেখক প্রয়াত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ওচৰত গান শিকিবলৈ আৰম্ভ কৰে । মাতৃ প্ৰয়াত আনিমা গোস্বামী আৰু মোমায়েক প্রয়াত যোগেন কটকীৰ পৰাও সংগীতৰ শিক্ষা লৈ শৈশৱৰ পৰাই বিভিন্ন সভা-সমিতিত গীত গাই শিল্পী জীৱনৰ পাতনি মেলিছিল কণ্ঠশিল্পীগৰাকীয়ে । পিছলৈ তেওঁ হৰলাল বেনার্জী, জিতেন দেৱ, পৰেশ ৰায়ৰ দৰে ব্যক্তিৰ ওচৰতো সংগীতৰ শিক্ষা লয়(Singer Bina Bhagawati passes away)।

১৯৭৪ চনত বীণা ভাগৱতীয়ে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত শাস্ত্রীয় সংগীতত বিশাৰদ ডিগ্রী লাভ কৰে । লতা মংগেশকাৰৰ সান্নিধ্য লাভ কৰা বীণা ভাগৱতীক সেই সময়ত প্রভাৱিত কৰিছিল আনন্দিৰাম দাস, বীৰেন ফুকন, হেমেন হাজৰিকা, লতা মংগেশকাৰ, সুদক্ষিণা শর্মা, লক্ষহীৰা দাস, যোগেন কটকী আদিৰ দৰে সাংস্কৃতিক ক্ষেত্রৰ স্বনামধন্য গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পীসকলে । ২০০৫ বর্ষত ৰাজ্য চৰকাৰৰ শিল্পী বঁটা আৰু শিল্পী পেন্সন লাভ কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে।

লগতে পঢ়ক :Narcotics seized in Lumding: লামডিঙত জব্দ ২ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় টেবলেট