Local, Vocal, Global

Narcotics seized in Lumding: লামডিঙত জব্দ ২ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় টেবলেট

নিউজ ডেস্ক,৩ফেব্ৰুৱাৰী : লামডিঙত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷

জানিব পৰা মতে, আৰক্ষীৰ অভিযানত লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ ৷ লগতে আটক কৰে নগাঁৱৰ দুজন যুৱকক ৷আটকাধীন দুজন যুৱক ক্ৰমে ভাস্কৰ চৰকাৰ আৰু ইয়াচিৰ আলি বুলি চিনাক্ত কৰা হৈছে(Narcotics seized in Lumding) ৷

WB 74 AW 0889 নম্বৰৰ বাহনেৰে নগাঁৱৰ পৰা লামডিং অভিমুখে অহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে সামগ্ৰীখিনি।ইয়াৰ উপৰি আৰক্ষীয়ে ৪৯,২৪৭টা SPS Plus টেবলেট জব্দ কৰে ৷

লগতে পঢ়ক :Jagiroad accident:জাগীৰোডত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা