Sipajhar computer center:চেঙেলীয়াঝাৰত ‘নুৰী কম্পিউটাৰ হোম’ মুকলি
৩ ফেব্ৰুৱাৰী ২০২৫,বেৱডস্ক : দৰঙৰ পশ্চিম ছিপাঝাৰৰ চেঙেলীয়াঝাৰত দেওবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় । ‘নুৰী কম্পিউটাৰ হোম ‘ নামৰ এক কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান। Asian infoech computer education ৰ শাখা হিচাপে প্ৰতিষ্ঠানখনি মুকলি কৰা হয়। বিশিষ্ট সাংবাদিক নাজিৰ আহমেদ মুখ্য অতিথি হিচাপে উপস্থিত থাকি “নুৰী কম্পিউটাৰ হোম”ৰ ৰঙাফিটা কাটি আনুষ্ঠানিক ভাৱে মুকলি কৰে।এইলৈ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰিচন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত সাংবাদিক নাজিৰা আহমেদে সম্প্ৰতি সময়ত কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি প্ৰতিষ্ঠানখনিৰ দ্বাৰা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰি আগবাঢ়ি যাব পাৰিব বুলি মন্তব্য কৰে। সন্মানীয় অতিথি হিচাপে প্ৰতিষ্ঠানৰ সঞ্চালক নিপুল কুমাৰ বৰ্মনে মুকলি কৰা কম্পিউটাৰ প্ৰতিষ্ঠান খিনিয়ে ছাত্ৰ ছাত্ৰী সকলক বিশেষ ভাবে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰি প্ৰতিষ্ঠানখনি জীয়াই ৰখাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। নিৰ্দিষ্ট বক্তা হিচাপে ছাত্ৰ নেতা ইজাজুল হক, বিশিষ্ট আৰু আমন্ত্ৰিত অতিথি হিচাপে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি নিজৰ বক্তব্যত প্ৰতিষ্ঠানখনিত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকল শিক্ষাত অতীব প্ৰয়োজন হৈ পৰা কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি উপকৃত হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰে।অনুষ্ঠানত আঁতধৰে আজিজুল হক