Local, Vocal, Global

Saraswati puja : আজি সৰস্বতী পূজা ! বাগদেৱীৰ প্ৰিয় ৪ ৰাশিৰ বিষয়ে জানি লওক আপুনি

৩ ফেব্ৰুৱাৰী ২০২৫,বেৱডস্ক : আজি ৩ ফেব্ৰুৱাৰী সৰস্বতী পূজা । সৰস্বতী পূজাক লৈ ৰাজ্যত এতিয়া উখল-মাখল পৰিৱেশ। বসন্ত পঞ্চমী দুদিনীয়াকৈ পৰাত এইবাৰ দেওবাৰ আৰু সোমবাৰ দুয়োটা দিনতে শিক্ষানুষ্ঠানত আয়োজন চলিল সৰস্বতী পূজাৰ। শিক্ষাৰ্থীৰ মাজতো দেখা গ’ল ব্যাপক আনন্দ-উছাহ। সাজি-কাচি ওলোৱা ৰূপৱতী যুৱতী-কিশোৰীয়েও মন মুহিলে বিভিন্নজনৰ।

৪ ৰাশি দেৱীৰ অতিকে প্ৰিয়, জ্ঞান আৰু বুদ্ধিৰ ক্ষেত্ৰত শীৰ্ষত । জ্ঞান, বুদ্ধিমত্তা, পাণ্ডিত্য, আৰু কলাৰ দেৱী সৰস্বতীৰ কৃপাত কিছু লোকে শিক্ষা আৰু কলাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব পাৰে।

শিক্ষা আৰু কলাৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী আৰু লোকসকলে সৰস্বতীৰ কৃপা লাভ কৰিবলৈ চেষ্টা কৰে। জ্যোতিষৰ হিচাপ অনুসৰি চাৰিটা ৰাশিৰ লোকৰ ওপৰত সৰস্বতী দেৱীৰ বিশেষ কৃপা আছে। কোন এই ৰাশি-

বৃষ ৰাশি

বৃষ ৰাশিৰ শাসক গ্ৰহ হৈছে শুক্ৰ। লক্ষ্মীৰ সমান্তৰালকৈ এই ৰাশিৰ অধীনত জন্ম হোৱা লোকসকলকো দেৱী সৰস্বতীৰ প্ৰিয়। তেওঁলোক অতি কঠোৰ পৰিশ্ৰমী আৰু এবাৰ কিবা এটা কৰিবলৈ মন দিলেই সেই কামত নিয়োজিত হৈ থাকে। সৰস্বতীৰ কৃপাত তেওঁলোকৰ শিক্ষা আৰু বুদ্ধিমত্তা আনতকৈ বহু উচ্চ।

মেষ ৰাশি

মেষ ৰাশিৰ অধীনত জন্ম লোৱা সকলৰ ওপৰত দেৱীৰ বিশেষ কৃপা আছে। ধন দেৱীৰ আশীৰ্বাদৰ লগতে নিজৰ কষ্ট আৰু ইচ্ছাশক্তিৰে মেষ ৰাশিৰ লোকে জ্ঞান-বুদ্ধিৰ ক্ষেত্ৰত আনক সহজেই অতিক্ৰম কৰে। মেষ ৰাশিৰ শাসক গ্ৰহ হৈছে মংগল গ্ৰহ। যদি তেওঁলোকে নিজৰ খং আৰু কথাবোৰ নিয়ন্ত্ৰণ কৰে তেন্তে তেওঁলোকে জীৱনত বহুত উন্নতি কৰিব পাৰে।

মিথুন ৰাশি

মিথুন ৰাশিৰ লোকসকল মাতৃ সৰস্বতীৰ কৃপাত ধন্য। এই ৰাশিৰ শাসক গ্ৰহ বুধ। জ্ঞান, বুদ্ধিমত্তা, শিক্ষা, শিল্পৰ ক্ষেত্ৰত তেওঁলোকে সদায় বৃহৎ সফলতা লাভ কৰিব পাৰে। তেওঁলোকৰ কথা কোৱাৰ দক্ষতাও উল্লেখযোগ্য।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ শাসক গ্ৰহ হৈছে চন্দ্ৰ। এই ৰাশিৰ লোকসকলৰ ওপৰত মাতৃ সৰস্বতী সন্তুষ্ট। সেয়ে তেওঁলোকে সহজেই সৰস্বতীৰ আশীৰ্বাদ লাভ কৰে। এই ৰাশিত জন্ম লোৱা লোকসকলে শিক্ষা আৰু উদ্যোগৰ ক্ষেত্ৰত নিজৰ নাম উজলাই তুলিব পাৰে।