Local, Vocal, Global

Assam Sahitya Sabha:অভিজিত গগৈক অসম সাহিত্য সভাই প্ৰদান কৰিব যুৱ বঁটা

২ ফেব্ৰুৱাৰী ২০২৫,শিৱসাগৰ : চলি আছে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম্ দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন।অভিজিত গগৈক অসম সাহিত্য সভাই প্ৰদান কৰিব যুৱ বঁটা।৪ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম্ পাঠশালা অধিৱেশনত অভিজিত গগৈক এই বঁটা প্ৰদান কৰা হ’ব।২০২৩-২০২৫ বৰ্ষৰ অসম সাহিত্য সভাৰ যুৱ বঁটা ঘোষণা কৰা হৈছে।বজালী জিলাৰ পাঠশালাত চলি থকা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম্ দ্বিবাৰ্ষিক অধিৱেশনৰ মাজতে এই বঁটা ঘোষণা কৰা হৈছে।এইবেলি এই বঁটা আগবঢ়োৱা হৈছে তৰুণ কবি-লেখক অভিজিত গগৈক। ৪ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম্ পাঠশালা অধিৱেশনত অভিজিত গগৈক এই বঁটা প্ৰদান কৰা হ’ব।