One arrested with four smuggled cattle heads :দক্ষিণ শালমাৰাত চাৰিটাকৈ চোৰাং গৰুসহ এজনক গ্ৰেপ্তাৰ

হাটশিঙিমাৰী,২ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰাত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
দক্ষিণ শালমাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে চৈতাৰ চৰত অভিযান চলাই চাৰিটাকৈ চোৰাং গৰুসহ এজনক গ্ৰেপ্তাৰ কৰে(One arrested with four smuggled cattle heads)।
দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত চৈতাৰ চৰত নিশা দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে এচ খুবুংৰ নেতৃত্বত আৰক্ষীৰ এটা সজাতি দলে চৰ অঞ্চলত অভিযান চলাই চৈতাৰচৰৰ পৰা চাৰিটাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে চহিদুৰ ইছলাম (৩৮)নামৰ এজন চোৰাং গৰুৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে(One arrested with four smuggled cattle heads in South Salmara)৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে, চোৰাং গৰু সৰবৰাহকাৰী জনৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষী থানাত আৰক্ষীয়ে ১৫/২০২৫নম্বৰৰ এখন গোচৰ ৰুজু কৰি আজি হাটশিঙিমাৰী ন্যায়ালয়লৈ প্ৰেৰণ কৰে৷
লগতে পঢ়ক :Theft in Chapar: চাপৰত চোৰৰ সন্ত্ৰাস;একে নিশাই চাৰিখনকৈ দোকানত চুৰিকাণ্ড