Local, Vocal, Global

Jagiroad News: আজি জাগীৰোড তথা মৰিগাঁৱবাসীৰ বাবে এক ঐতিহাসিক দিন

জাগীৰোড,১ফেব্ৰুৱাৰী : আজি এক ঐতিহাসিক দিন জাগীৰোড তথা মৰিগাঁৱবাসীৰ বাবে ৷ আজি জাগীৰোডলৈ আহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰে জাগীৰোড-মৰিগাঁও সংযোগী পথৰ কপিলী নৈৰ ওপৰত নিৰ্মান হোৱা নতুন দলং(Jagiroad News)৷

কেন্দ্ৰীয় পথ পৰিৱহণ বিভাগে মোকলাই দিয়া প্ৰায় ৮০ কোটি টকাৰে অতি ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰি তোলা হৈছে দলঙখন ৷ পুৰণি তথা ঠেক দলঙখনেৰে যাতায়তৰ ক্ষেত্ৰত বিগত বছৰ বছৰ ধৰি যমৰ যাতনা ভূগি আহিছিল মৰিগাঁও জিলাবাসী ৰাইজে ৷ আজি সেই প্ৰত্যাশিত দলংখন ৰাইজৰ বাবে মুকলি কৰে আৰু প্ৰায় ২০ হাজাৰ ৰাইজক সম্বোধন কৰি এখন জনসভাত অংশ লয় ৷

মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা , মৰিগাৱৰ বিধায়ক ৰমাকান্ত দেউৰী , তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ কোঁৱৰ আদিৰ লগতে বিশিষ্ট লোক সকল উপস্থিত থাকে ৷

লগতে পঢ়ক :Large quantity of ganja seized from passenger train: ৰঙাপৰাত যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা