Gunotsav :ৰাজ্যজুৰি ৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ
অভয়াপুৰী,১ফেব্ৰুৱাৰী : ৪ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰী লৈকে অনুষ্ঠিত হ’ব গুণোৎসৱ। শিক্ষাৰ মানদণ্ড উন্নতকৰণ,শিক্ষাৰ্থী সকলৰ বাবে শিক্ষা গ্ৰহনৰ অনূকূল পৰিবেশৰ সৃষ্টি কৰা আৰু আন্ত:গাথনি উন্নতকৰণৰ উদ্দেশ্যেৰে অনুষ্ঠিত হয় গুণোৎসৱ। তাৰ এক বিপৰীত ছবি পৰিলক্ষিত হৈছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত অভয়াপুৰীৰ ভাদাইপাৰা বেহুলাপাৰা প্ৰাথমিক বিদ্যালয়ত(Gunotsav)।
এক অস্বাস্থ্যকৰ আৰু শিক্ষা গ্ৰহনৰ অনূকূল পৰিবেশৰ মাজত শিক্ষাৰ্থীক শিক্ষা দান কৰিবলগীয়া হৈছে শিক্ষকসকলে। বিদ্যালয় খনৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বাৰিষা কালত বৰষুণ দিলে শিক্ষা দান কাৰ্য ব্যাহত হৈ পৰে বুলি জানিবলৈ দিয়ে শিক্ষক সকলে। মুঠ ৬১ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনত এই মুহূৰ্তত জৰাজীৰ্ণ বিদ্যালয় গৃহতে শিক্ষা দান কাৰ্য অব্যাহত ৰাখিবলগীয়া পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক :Mangaldai News: পূৰ্বে পত্নী থকা শিক্ষকে পলুৱাই নিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক