Local, Vocal, Global

CM Himanta Biswa Sarma Birthday: মুখ্য়মন্ত্ৰীৰ জন্মদিন উপলক্ষে ধেমাজিত গছ পুলি ৰোপন

ধেমাজি, ১ফেব্ৰুৱাৰী : আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬সংখ্যক ওপজা দিন (Happy Birthday Himanta Biswa Sarma)। মুখ্যমন্ত্ৰী গৰাকীক জন্মদিন শুভেচ্ছা দিবলৈ নিশাৰ ভাগলৈ শুভাকাংক্ষীৰ আগমন ঘটে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ৷ নিশা ১২ বজাৰ লগে লগে এক উৎসৱমূখৰ পৰিৱেশ বিৰাজ কৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত ৷ সহস্ৰাধিক শুভাকাংক্ষী আৰু অনুগামীয়ে নিশা ১২ বজাৰ লগে লগে শুভেচ্ছাৰে উপচাই দিয়ে মুখ্যমন্ত্ৰীগৰাকীক(CM Himanta Biswa Sarma Birthday) ৷

মুখ্য়মন্ত্ৰীৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী লয়।

ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ সমান্তৰালৈক ধেমাজি জিলাৰ বিভিন্ন ঠাইত বিজেপি দলৰ নেতা কৰ্মী উপস্থিত ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক জন্মদিন উদযাপন।জন্ম দিনৰ উপলক্ষে দেউৰী স্বায়ত্ত্ব পৰিষদৰ গোগামুখ আৰু বৰদলনি সমষ্টিত গছ পুলি ৰোপন কৰে। ধেমাজি গ্ৰাম্য মণ্ডল আৰু চিচিবৰগাঁও মণ্ডলৰ বিভিন্ন ৰাজহুৱা স্থানত শ্ৰী পানী বজাৰত আৰু বৰদলনি ৰেল ইষ্টেশনত চাফাই অভিযান কাৰ্যসূচী ।

লগতে পঢ়ক :Mankachar News:মানকাচৰত আৰক্ষীৰ ড্ৰাইভাৰৰ ষড়যন্ত্ৰৰ বলি সাংবাদিক