Mankachar News:মানকাচৰত আৰক্ষীৰ ড্ৰাইভাৰৰ ষড়যন্ত্ৰৰ বলি সাংবাদিক
মানকাচৰ,১ফেব্ৰুৱাৰী : মানকাচৰত আৰক্ষীৰ ড্ৰাইভাৰৰ স্বৰযন্ত্ৰৰ বলি এজন সাংবাদিক।
মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বাহন চালক বিকাশ ৰাজভাৰ নামৰ এজন অনা অসমীয়াৰ স্বৰযন্ত্ৰৰ বলি সাংবাদিক তুশান আলম।
সাংবাদিক তুশান আলমৰ বাহনত নিষিদ্ধ ড্ৰাগছ ৰাখি ফচোৱাৰ পৰিকল্পনা মানকাচৰ থানাৰ O/C দিপক বৰগোৱাৰীৰ বাহন চালক বিকাশ ৰাজভাৰৰ।
এই অভিযোগ উত্থাপন কৰিছে মানকাচৰৰ স্থানীয় সাংবাদিক তুশান আলমে(Mankachar News)।
অভিযোগ অনুসৰি যোৱা কেইবাদিন ধৰি সাংবাদিক তুশান আলমে মানকাচৰ আৰক্ষীৰ গৰু ছিণ্ডিকেটৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি আহিছে।
ঠিক এনে সময়তে OC দিপক বৰগোৱাৰীৰ বাহন চালক বিকাশ ৰাজভাৰে সাংবাদিক তুশান আলমৰ ব্যক্তিগত বাহনত ড্ৰাগছ ৰখাৰ পৰিকল্পনা কৰি ফচোৱাৰ ভয়ংকৰ পৰিকল্পনা ৰচিছে বুলি খোদ সাংবাদিকজনে অভিযোগ উত্থাপন কৰিছে।
সাংবাদিকজনে বাহন চালক বিকাশৰ পৰিকল্পনাৰ ওমান পাই তাৎক্ষনিক চালক বিকাশক ঘটনা সন্দৰ্ভত ফোন কৰি প্ৰশ্ন কৰাত চালকজনে সাংবাদিক তুশান আলমৰ ওচৰত ক্ষমা বিচাৰিছে বুলি সাংবাদিকজনে উল্লেখ কৰে।
সাংবাদিকজনৰ লগত আৰক্ষীৰ বাহন চালক বিকাশৰ বাৰ্তালাপত চালকজনে ড্ৰাগছৰে ফচোৱাৰ পৰিকল্পনাৰ সমগ্ৰ বিৱৰণি প্ৰকাশ পৰিকল্পনাৰ স্বীকাৰ উক্তি প্ৰকাশ কৰে।
ইফালে মানকাচৰ আৰক্ষীৰ বাহন চালক বিকাশৰ বিৰুদ্ধে আছে বিভিন্ন অনৈতিক কামৰ অভিযোগ।
আৰক্ষীৰ বাহন চলাক বিকাশৰ বিৰুদ্ধে তাৎক্ষনিক ব্যৱস্থা গ্ৰহনৰ দাবী দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰেছ ক্লাৱৰ লগতে স্থানীয় সচেতন ব্যক্তিৰ।