Local, Vocal, Global

CM Himanta Biswa Sarma Birthday: আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬সংখ্যক ওপজা দিন

নিউজ ডেস্ক, ১ফেব্ৰুৱাৰী : আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬সংখ্যক ওপজা দিন (Happy Birthday Himanta Biswa Sarma)। ১৯৬৯ চনৰ ১ফ্ৰেব্ৰুৱাৰীত যোৰহাটত জন্মগ্ৰহণ কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী গৰাকীক জন্মদিন শুভেচ্ছা দিবলৈ নিশাৰ ভাগলৈ শুভাকাংক্ষীৰ আগমন ঘটে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ৷ নিশা ১২ বজাৰ লগে লগে এক উৎসৱমূখৰ পৰিৱেশ বিৰাজ কৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত ৷ সহস্ৰাধিক শুভাকাংক্ষী আৰু অনুগামীয়ে নিশা ১২ বজাৰ লগে লগে শুভেচ্ছাৰে ওপচাই দিয়ে মুখ্যমন্ত্ৰীগৰাকীক(CM Himanta Biswa Sarma Birthday) ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ শুভেচ্ছা দিবলৈ বহিঃৰাজ্যৰ পৰাও আহিল অনুৰাগী।

ওপজা দিনত ৰাজ্যবাসীৰপৰাও আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।শুকুৰবাৰে নিশা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ওপজা দিনত ৰাজ্যবাসীৰ পৰা আশীৰ্বাদ কামনা কৰে। সামাজিক মাধ্যমযোগে বিভিন্নজনে শুভেচ্ছা দিয়ে মুখ্যমন্ত্ৰীগৰাকীক ৷

লগতে পঢ়ক :Assam CM Himanta Biswa Sarma : অসমৰ মহিলাসকলৰ বাবে ডাঙৰ সিদ্ধান্ত চৰকাৰৰ