Local, Vocal, Global

Union Budget 2025: ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ পাছতেই মূল্যবৃ্দ্ধি পাব জোতা-চেণ্ডেলৰ

নিউজ ডেস্ক,১ফেব্ৰুৱাৰী : আজি সংসদৰ বাজেট অধিৱেশনত দাখিল বিত্তীয় বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৫ বৰ্ষৰ বাজেট। শনিবাৰে দিনৰ ১১ বজাত বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে(Union Budget 2025)।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ পাছতেই জোতা-চেণ্ডেলৰ ৫ শতাংশ মূল্যবৃ্দ্ধি পাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চামৰা আৰু ইয়াৰ উদ্যোগসমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন নীতিৰ বাবেই এই মূল্য়বৃদ্ধি হব জোতা-চেণ্ডেলৰ খুচুৰা বজাৰত।

ৰিলেক্স, ৰ্মীজা ইন্টাৰনেচনেল আদি বেণ্ডৰ জোতা-চেণ্ডেলৰ মূল্য বৃদ্ধি হোৱাটো নিশ্চিত হৈছে।

লগতে পঢ়ক :Three pistols and live cartridges recovered: খটখটীৰ কাৰাগাঁৱত উদ্ধাৰ তিনিটা পিষ্টল আৰু সঁজীৱ গুলী