Local, Vocal, Global

The newly constructed bridge over the Kapili River in Jagiroad:আজি জাগীৰোড তথা মৰিগাঁও জিলা বাসীৰ বাবে সু-খবৰ

১ফেব্ৰুৱাৰী ২০২৫,জাগীৰোড : আজি জাগীৰোড তথা মৰিগাঁও জিলা বাসীৰ বাবে সু-খবৰ ৷ কিয়নো আজি জাগীৰোডলৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব জাগীৰোড-মৰিগাঁও সংযোগী পথৰ কপিলী নৈৰ ওপৰত নিৰ্মান হোৱা নতুন দলং ৷ কেন্দ্ৰীয় পথ পৰিৱহণ বিভাগে মোকলাই দিয়া প্ৰায় ৮০ কোটি টকাৰে অতি ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰি তোলা হৈছে দলঙখন ৷ পুৰণি তথা ঠেক দলঙখনেৰে যাতায়তৰ ক্ষেত্ৰত বিগত বছৰ বছৰ ধৰি যমৰ যাতনা ভূগি আহিছিল মৰিগাঁও জিলাবাসী ৰাইজে ৷ আজি সেই প্ৰত্যাশিত দলংখন ৰাইজৰ বাবে মুকলি কৰিব আৰু প্ৰায় ২০ হাজাৰ ৰাইজক সম্বোধন কৰি এখন জনসভাত অংশ লব I