Bilasipara Wife missing:ডেৰ বছৰীয়া শিশুক এৰি সন্ধানহীন মাতৃ
৩১ জানুৱাৰী ২০২৫ ,বিলাসীপাৰা : বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা। ডেৰ বছৰীয়া শিশুক এৰি সন্ধানহীন মাতৃ। বিলাসীপাৰাৰ দ্বীপৰকুটিত সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৫ দিনে সন্ধানহীন নাই এগৰাকী বোৱাৰীৰ। ২৬ জানুৱাৰীৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ দ্বীপৰকুটিৰ ছাবিনা ইয়াছমিন। দ্বীপৰকুটি গাঁৱৰ ছাইদুৰ ৰহমানৰ পত্নী আছিল ছাবিনা ইয়াছমিন। ডেৰ বছৰীয়া শিশুক এৰি মাতৃ সন্ধানহীন হৈ পৰাত পৰিয়ালৰটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। বিভিন্ন স্থানত পত্নী ছাবিনাক বিচাৰি কোনো সন্ধান লাভ কৰিব নোৱাৰি বিলাসীপাৰা আৰক্ষীৰ কাষ চাপিছে দুৰ্ভোগীয়া স্বামী ছাইদুৰ ৰহমান। চাৰি দিন পূৰ্বে বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰাৰ পিছতো বৰ্তমান লৈ ছাবিনাৰ কোনো সন্ধান উলিয়াব পৰা নাই বিলাসীপাৰা আৰক্ষীয়ে। কোনো সদাশয় ব্যক্তিয়ে ছাবিনাৰ সন্ধান পালে 7086883569 নম্বৰত যোগাযোগ কৰিবলৈ নতুবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ দুৰ্ভোগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে