Local, Vocal, Global

Jamugurihat News:“সৃষ্টি হস্ততাঁত আৰু হস্তশিল্প” জড়িয়তে স্বনিৰ্ভৰশীলতাৰ নিৰ্দশন দাঙি ধৰিছে দুগৰাকীয়ে শিল্পীয়ে

জামুগুৰিহাট,৩০জানুৱাৰী : জামুগুৰিহাটৰ টুপিয়াৰ ৰিন্টু শইকীয়া আৰু নিৰ্মালী শইকীয়াই “সৃষ্টি হস্ততাঁত আৰু হস্তশিল্প” নামৰ এক প্ৰতিষ্ঠানৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ নিৰ্দশন দাঙি ধৰিছে ৷

এই হস্তশিল্পৰ জৰিয়তে দুইগৰাকী শিল্পীয়ে বাঁহ কাঠৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰাৰ লগতে অসমীয়া জীয়াৰী বোৱাৰী সকলৰ বাবে প্ৰয়োজনীয় আ অলংকাৰ সমূহ বাহ আৰু কাঠৰেই নিৰ্মন কৰিছে৷ লগতে নিৰ্মন কৰিছে বিভিন্ন জীৱ জন্তুৰ মূৰ্তি আৰু বাহৰ প্ৰকাণ্ড জাপি(Jamugurihat News)৷

শিল্পী ৰিন্টু শইকীয়াই নিজৰ প্ৰতিষ্ঠান খনত নিজহাতে কাম কৰাৰ লগতে পত্নী নিৰ্ম্মালী শইকীয়াই পূৰ্ণ সহযোগিতা আগবঢ়াই আহি বৰ্তমান সময়ত অঞ্চলটোৰ ২০ গৰাকীৰো অধিক নিৱনুৱা যুৱক যুৱতী মহিলাক কৰ্ম সংস্হাপন দি পৰিয়াল ভৰন পোষনৰ পথ মুকলি কৰি দিবলৈ সক্ষম হৈছে৷

এই সমূহ হস্তনিৰ্মিত সামগ্ৰী ৰিন্টু শইকীয়াই অঞ্চলটোৰ লগতে শোনিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰন কৰাৰ উপৰিও গুৱাহাটী, বৰপেটা,নলবাৰী, নগাও,মংগলদৈ,যোৰহাট, শিৱসাগৰ,ডিব্ৰুগড়কে ধৰি ৰাজ্যখনৰ বিভিন্ন বজাৰলৈ প্ৰেৰন কৰি একপ্ৰকাৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :Hajo News : ১৯৬৬ চনত ক্ৰয় কৰা ভূমি গ’ল ভূ-মাফিয়াৰ হাতলৈ