Local, Vocal, Global

Chapar News :চাপৰৰ হাতিপোতাৰ নয়ন ইটা উদ্যোগত মাৰপিটৰ ঘটনা

চাপৰ,৩০জানুৱাৰী : চাপৰৰ হাতিপোতাৰ নয়ন ইটা উদ্যোগত মাৰপিটৰ ঘটনা।

অবৈধ মাটি খননৰ খবৰ বন বিভাগক দিয়াৰ বাবে মাৰপিট কৰাৰ অভিযোগ।

হাতিপোতাস্থিত নয়ন ইটা উদ্যোগৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এই অভিযোগ।

নয়ন ইটা উদ্যোগৰ স্বত্বাধিকাৰীৰ নিৰ্দেশত দুজনে ইটা উদ্যোগত মাতি স্থানীয় যুৱক আমজাত আলীক মাৰপিট কৰাৰ অভিযোগ(Chapar News)।

উল্লেখ্য যে, নয়ন ইটা উদ্যোগত চৰকাৰী কৰ ফাকিৰে মাটি কঢ়িওৱাৰ খবৰ বন বিভাগক দিয়ে আমজাত আলীয়ে। পিছত বন বিভাগে গাড়ী চলাচল বন্ধ কৰি দিয়াত আমজাত আলীৰ ওপৰত খৰ্গহস্ত হৈ পৰে নয়ন ইটা উদ্যোগৰ স্বত্বাধিকাৰী। পিছত আমজাত আলীক ইটা উদ্যোগত মাতি মাৰধৰ কৰাৰ অভিযোগ ইটা উদ্যোগৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে।

উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে শালকোচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। লগতে সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসনৰ ওচৰত উচিত ন্যায় বিচাৰে যুৱকজনে।

লগতে পঢ়ক :Tiger Teeth and Ivory Seized: নগাঁৱৰ ঘূৰঘূৰিত জব্দ হাতীৰ দাঁত, বাঘৰ দাঁতৰ লগতে বিভিন্ন জন্তুৰ দেহৰ অংশ