Local, Vocal, Global

Death toll rises to 40 in Mahakumbh:মহাকুম্ভ মেলাত মহাকুম্ভত মৃতকৰ সংখ্যা ৪০লৈ বৃদ্ধি

২৯ জানুৱাৰী ২০২৫,ৱেব ডেস্ক :মহাকুম্ভ মেলাত সংঘটিত হৈছে ভয়ংকৰ অঘটন।পদপিষ্ট হৈ বৰ্তমানলৈকে ৪০লৈ বৃদ্ধি ভক্তৰ মৃতদেহৰ সংখ্য়া । মৌনি অমাবস্যাৰ অমৃত স্নানৰ বাবে সমৱেত হৈছিল লাখ লাখ ভক্তআৰু আজি মৌনি অমাবস্যা । আজিয়েই সংঘটিত হৈছে ভয়ংকৰ অঘটন ।আহতসকলক ভর্তি কৰোৱা হৈছে নিকটৱৰ্তী হাস্পতালত । ৪০গৰাকী ভক্তৰ মৃতদেহ মৰ্গত ৰখা কথা পোহৰলৈ আহিছে। নিৰাপত্তাৰ দায়িত্বত থকা খোদ আৰক্ষীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্ত সাপেক্ষে এই তথ্য প্ৰদান কৰিছে।মহা কুম্ভমেলাত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ তথ্য শেহতীয়াকৈ ৰাজহুৱা হৈছে। ভক্তৰ সমাগমত পদপিষ্ট হৈ প্ৰায় ৪০গৰাকী ভক্তৰ মৃতদেহ মৰ্গত ৰখা কথা পোহৰলৈ আহিছে। নিৰাপত্তাৰ দায়িত্বত থকা খোদ আৰক্ষীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্ত সাপেক্ষে এই তথ্য প্ৰদান কৰিছে।উল্লেখ্য যে, পুৱাৰ ভাগতে সংঘটিত হোৱা এই অঘটনৰ পাছতে প্ৰশাসনে ১০-১৫গৰাকী লোক নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল যদিও শেহতীয়াকৈ মৰ্গত ৪০টা মৃতদেহ থকাৰ তথ্য ৰাজহুৱা হৈছে। মৃতকৰ পৰিয়ালেও ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সন্মুখত এই গোপন তথ্য সদৰি কৰিছে।