Local, Vocal, Global

Assam businessman loses life in Maha Kumbh stampede:প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত স্নান কৰিবলৈ গৈ মৃত্যু অসমৰ ভক্তৰ

নিউজ ডেস্ক,২৯জানুৱাৰী : প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত স্নান কৰিবলৈ গৈ মৃত্য়ু অসমৰ ভক্তৰ।

মৌনী অমাৱস্যা উপলক্ষে মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈ মৃত্যু হাইলাকান্দিৰ নীতিৰঞ্জন পাল নামৰ ব্যৱসায়ীগৰাকীৰ।

খবৰ অনুসৰি,মৌনী অমাৱস্যা উপলক্ষে মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈছিল হাইলাকান্দিৰ নীতিৰঞ্জন পাল । সেই সময়তে মহাকুম্ভ মেলাৰ সংগমস্থলীত অমৃত স্নানৰ বাবে অগণন ভক্তৰ সমাগম হৈছিল আৰু তেওঁলোকৰ মাজত হতাহতিৰ সৃষ্টি হয়। ফলত পদপিষ্ট হৈ বহু ভক্তৰ মৃত্যু হোৱাৰ লগতে আহত হয় শ শ ভক্ত(Assam businessman loses life in Maha Kumbh stampede)।

এই আহতসকলৰ মাজত আছিল হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল। পৰৱৰ্তী সময়ত উদ্ধাৰকাৰীয়ে তেওঁক আন আন আহতৰ সৈতে তেওঁকো স্থানীয় হাস্পতাললৈ লৈ যোৱা হৈছিল।কিন্তু দুৰ্ভাগ্যজনক ভাৱে তেওঁ হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে, নীতিৰঞ্জন পাল হাইলাকান্দিৰ ঔম ছুইটছ স্বত্বাধিকাৰ।

লগতে পঢ়ক :Heated situation:হাজোৰ কোৱাৰপুৰৰ কৰিবিলত উত্তপ্ত পৰিস্থিতি