Drugs peddler arrested along with drugs:মানকাচৰত বুজন পৰিমাণৰ নিচাজাতীয় কেপচুলসহ সৰবৰাহকাৰী আটক
হাটশিঙিমাৰী,২৯জানুৱাৰী : নিশা মানকাচৰৰ ভুৰাকাটাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল জব্দ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰু কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ শইকীয়াৰ সহযোগত কালাপানী আৰক্ষী থানাৰ অন্তৰ্গত ভুৰাকাটাত নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে(Drugs peddler arrested along with drugs)।
আৰক্ষীয়ে Tramadol কেপচুল ৯২০ জব্দ কৰাৰ লগতে ৫০২২ নগত টকা , মোবাইল ২ টা জব্দ কৰে।
আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজন দক্ষিণ ভুৰাকাটা গাওঁৰ হাৰুণ আল ৰছিদৰ ল’ৰা আলি বাবু (২৫) বুলি জানিব পৰা গৈছে।
অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক কালাপানী আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক:Jamugurihat News: জামুগুৰিহাটত বলীয়া ভতুৱা কুকুৰৰ আতংক