Jamugurihat News: জামুগুৰিহাটত বলীয়া ভতুৱা কুকুৰৰ আতংক
জামুগুৰিহাট,২৯জানুৱাৰী : ভতুৱা বলীয়া কুকুৰৰ সন্ত্ৰাসত এতিয়া আতংকিত হৈ পৰিছে জামুগুৰিহাটৰ দুখনকৈ গাঁৱৰ ৰাইজ ৷ ভতুৱা বলীয়া কুকুৰৰ আক্ৰমনত জীৱন নিঃশেষ হৈছে মানুহ আৰু পশুধনৰ ৷
কিছুদিন পূৰ্বে এই ভতুৱা কুকুৰে কামোৰাৰ ফলত জামুগুৰিহাটৰ ঢেকেৰী গাঁৱৰ এজন যুৱক জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ পিছতে নিকটবৰ্ত্তী বড়ি গাঁৱত এতিয়া জলাতংক ৰোগত আক্ৰান্ত হৈ এটা পশুধনৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে(Jamugurihat News)৷
উক্ত পশুধনকো ভতুৱা বলিয়া কুকুৰে কামোৰা বুলি আশংকা প্ৰকাশ কৰিছে গাঁওবাসী ৰাইজে ৷ সম্প্ৰতি জলাতংক ৰোগ বিয়পি যোৱাৰ আশংকা ভুগি গাওঁ খনৰ ৰাইজ কম্পিত হৈ পৰাৰ লগতে ইয়াৰ পৰিত্ৰাণ বিচাৰি পশু চিকিৎসা বিভাগৰ ওচৰলৈ যোৱাৰ পৰিলক্ষিত হৈছে ৷
অৱশ্যে স্থানীয় পশু চিকিৎসালয়ৰ ফালৰ গাঁওখনৰ কিছু সংখ্যক পশুধনক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে যদিও স্থানীয় ৰাইজে এইৰোগ যাতে অধিক সম্প্ৰসাৰণ হ’ব নোৱাৰে তাৰ বাবে পশু চিকিৎসা বিভাগক অধিক সতৰ্ক হৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
লগতে পঢ়ক :Mahakumbh Stampede: প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পদপিষ্ট হৈ নিহত লোকৰ সংখ্যা বৃদ্ধি