Mahakumbh Stampede: প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পদপিষ্ট হৈ নিহত লোকৰ সংখ্যা বৃদ্ধি

নিউজ ডেস্ক,২৯জানুৱাৰী : প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পদপিষ্ট হৈ নিহত লোকৰ সংখ্যা বৃদ্ধি। ১৭ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা ।
বুধবাৰে পুৱতি নিশা মৌনী অমাবস্যা উপলক্ষে অমৃত স্নান কৰিবলৈ ত্ৰিবেণী সংঙ্গমস্থলীলৈ ভক্তই দৌৰাদৌৰি কৰাৰ সময়তে সংঘটিত হয় অঘটন।মৌনী অমাৱস্যা উপলক্ষে প্ৰয়াগৰাজত হাজাৰ হাজাৰ লোকৰ ভিৰ হয়। সকলো ভক্তই বুধবাৰে ত্ৰিবেণী সংগমত ‘অমৃত স্নান’ কৰিবলৈ একত্ৰিত হয়। অত্যাধিক ভিৰৰ বাবে তীৰ্থযাত্ৰীসকলৰ মাজত হতাহতিও হয়। ফলত বহু লোক ভিৰৰ মাজত আৱদ্ধ হৈ পৰে। ভিৰৰ চাপৰ বাবেই ১৭ জন লোকৰ মৃত্যু হৈছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে । তদুপৰি এই ঘটনাত বহুসংখ্যক লোক আহত হৈছে(Mahakumbh Stampede) ।
ঘটনা সন্দৰ্ভত মেলাধিকাৰী বিজয় কিৰণ আনন্দই কয় যে উৰাবাতৰিৰ বাবে এই পদপিষ্টৰ ঘটনা সংঘটিত হোৱাত ১৭ জন ভক্তই প্ৰাণ হেৰুৱালে । ৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে । এই আহতসকলক মহাকুম্ভ নগৰৰ কেন্দ্ৰীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । প্ৰশাসনে সাহাৰ্য আৰু উদ্ধাৰকাৰ্য দ্ৰুত কৰি তুলিছে । পুৱা প্ৰায় ২ বজাত সংগম সাগৰৰ পাৰত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়(Stampede breaks out at Maha Kumbh on Mauni Amavasya) ।
ইয়াৰ পিছতেই এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে বাৰ্তালাপ কৰি চলিত মহাকুম্ভৰ পৰিস্থিতি পৰ্যালোচনা কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু অত্যধিক ভিৰৰ সমস্যা সমাধানৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ।
লগতে পঢ়ক :Assam coal mine tragedy: উমৰাংছ’ৰ কয়লাখনিৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ