Local, Vocal, Global

Mahakumbh 2025:মহাকুম্ভ মেলাত পদপিষ্টৰ ঘটনা;মৃত্যু ১০জনতকৈ অধিক লোকৰ

নিউজ ডেস্ক,২৯জানুৱাৰী : প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অঘটন।মহাকুম্ভ মেলাত পদপিষ্টৰ ঘটনা।পদপিষ্ট হৈ মৃত্যু ১০জনতকৈ অধিক লোকৰ। মৌনী অমাবস্যা উপলক্ষে অমৃত স্নান কৰিবলৈ ত্ৰিবেণী সংঙ্গমস্থলীলৈ ভক্তই দৌৰাদৌৰি কৰাৰ সময়তে সংঘটিত হয় অঘটন(Mahakumbh 2025)।

উল্লেখ্য যে, মৌনী অমাৱস্যা উপলক্ষে প্ৰয়াগৰাজত কোটি কোটি লোকৰ ভিৰ হয়। সকলো ভক্তই বুধবাৰে ত্ৰিবেণী সংগমত ‘অমৃত স্নান’ কৰিবলৈ একত্ৰিত হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অত্যাধিক ভিৰৰ বাবে তীৰ্থযাত্ৰীসকলৰ মাজত হতাহতিও হয়। ফলত বহু লোক ভিৰৰ মাজত আৱদ্ধ হৈ পৰে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ হয়।ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে চিকিৎসালয়লৈ লৈ যোৱা বহুতৰে ইতিমধ্যে মৃত্যু হৈছে(10 feared dead, dozens injured in stampede during Mauni Amavasya at Maha Kumbh)।

লগতে পঢ়ক :Old Man Killed In Rhino Attack:কাজিৰঙাৰত গঁড়ৰ আক্ৰমণত মৃত্যু এজনৰ;প্ৰাতঃভ্ৰমণলৈ যাওঁতে গঁড়ে আক্ৰমণ কৰে লোকজনক