Local, Vocal, Global

Bathou Puja 2025: আজি বড়ো সম্প্ৰদায়ৰ লোকসকলৰ বাথৌ পূজা

সোণাপুৰ,২৮ জানুৱাৰী : আজি বড়ো জনগোষ্ঠীয়সকলৰ মূল দেৱতা পবিত্ৰ বাথৌ পূজা।মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ সোণাপুৰৰ ৰূপনগৰস্থিত বাথৌ থানৰ প্ৰাংগনত ডিমৰীয়া আঞ্চলিক বাথৌ পূজা কমিটীৰ উদ্যোগত ৪৭ খন গাৱঁৰ বড়ো সমাজে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে পূজাভাগ।

ইয়াৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত পূজা থলীত পতাকা উত্তোলন কৰে ডিমৰীয়া আঞ্চলিক বাথৌ কমিটিৰ সভাপতি ভৱকান্ত বড়োৱে লগতে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে উপ সভাপতি ফুকন বড়োৱে(Bathou Puja 2025)।

একেদৰে পূজাৰ থাপনা আৰু বন্তি প্ৰজ্বলন পিছতে সমূহীয়া প্ৰাৰ্থনা কাৰ্যসূচী ৰূপায়ন কৰা হয়। ইফালে ডিমৰীয়া আঞ্চলিক বাথৌ পূজা কমিটীৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত পূজাভাগিত আৰচ দলৰ দ্বাৰা পৰিবেশিত অনুষ্ঠানে জীপাল কৰি তোলে বাথৌ মন্দিৰৰ প্ৰাংগণত উপস্থিত সকলোৰে মন।

ইয়াৰ পাছতেই আমন্ত্ৰিত বড়ো কৃষ্টি দলৰ দ্বাৰা পৰিবেশন কৰা হয় গীত মাত। ভক্তি ৰসেৰে পৰিপূৰ্ণ এই বছৰেকীয়া বাথৌ পূজা ভাগিৰ জৰিয়তে সমূহ ৰাইজৰ মংগল কামনা কৰিছে বাথৌ পূজা কমিটীৰ বিষয়ববীয়া সকলে।

লগতে পঢ়ক :Protest in Jorhat :যোৰহাটৰ চিনামৰা চাহ বাগিচাত উত্তাল প্ৰতিবাদ