Protest in Jorhat :যোৰহাটৰ চিনামৰা চাহ বাগিচাত উত্তাল প্ৰতিবাদ

যোৰহাট,২৮জানুৱাৰী : যোৰহাটৰ চিনামৰা চাহ বাগিচাত উত্তাল প্ৰতিবাদ।যোৰহাট জিলা আয়ুক্তলৈ চিনামৰা চাহ বাগিছাৰ মূখ্য পৰিচালকৰ যোগেদি অসম চাহ জনজাতি ছাত্র সন্থা,আটছা, চাহ মজদুৰ সংঘৰ স্মাৰক পত্র প্ৰদান।
অসম চৰকাৰৰ অধীনৰ পর্যটন বিভাগৰ দ্বাৰা চিনামৰা চাহ বাগিছাৰ ২০০ বিঘা চাহ ম্যাদি ভূমিত চাহ পর্যটন প্রকল্প আৰম্ভ কৰাৰ সন্দৰ্ভত শ্ৰমিকসকল ক্ষুব্ধ হৈ পৰিছে।সেয়েহে প্ৰকল্প স্থাপনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ(Protest in Jorhat)।
যি সময়ত চিনামৰা চাহ বাগিছাৰ চাহ শ্রমিকসকলৰ বিভিন্ন সমস্যাৰে জর্জৰিত সেই সময়ত অসম চৰকাবৰ পর্যটন বিভাগে ২০০ বিঘাৰো অধিক ভূমি অধিগ্রহণ কৰি চাহ পর্যটন প্রকল্প স্থাপনক কৰাক লৈ আটছাই তীব্র ভাষাৰে গৰিহণা জনাইছে, যদিছে অসম চৰকাৰে চাহ বাগিছাৰ জ্বলন্ত সমস্যাসমূহ ওপৰত গুৰুত্ব প্রদান নকৰি সমস্যা সমাধান কৰাব বিপৰীতে এশ কোটিৰো অধিক টকা ব্যয় কৰি চাহ পর্যটন প্রকল্প অনা বিষয়টো সহজ ভাবে লব পবা নাই শ্ৰমিকসকলে।
চৰকাৰে যদি উক্ত সিদ্ধান্ত অতি সোনকালে বাতিল নকৰে আগন্তুক দিনত সমগ্র চাহ শ্রমিক সকলে চৰকাৰ তথা জিলা প্রশাশনৰ বিৰুদ্ধে তীব্রতৰ আন্দোলন গঢ়ি তুলিব বুলি মত প্ৰকাশ কৰে।
লগতে পঢ়ক :Drugs seized :ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান;অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ