Tragic Incident in Hojai: তীব্ৰবেগী ডাম্পাৰৰ লগত বাইকৰ মুখামুখি সংঘৰ্ষ;নিহত বাইক আৰোহী

ডবকা,২৮জানুৱাৰী : হোজাইৰ নীলবাগানৰ চানাপট্টিত চাৰিলেনযুক্ত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ বাইকৰ ।
ফলত থিতাতে নিহত বাইক আৰোহী(Tragic Incident in Hojai)।
নিহত বাইক আৰোহীজন বৰ্তমানলৈকে চিনাক্ত হোৱা নাই ।
আনহাতে দুৰ্ঘটনা সংগঠিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনে ।
ঘটনাস্থলীত নীলবাগান আৰক্ষী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
দুৰ্ঘটনাত পতিত হোৱা বাইক খনৰ নম্বৰ AS31 E 3559 আৰু এইখন হোজাইৰ কৃষ্ণ গুপ্তাৰ নামত পঞ্জীয়ন হৈ আছে।
নিহত হোৱা বাইক আৰোহী জনৰ মৃতদেহ হোজাইৰ জোৰাপুখুৰীস্থিত জিলা চিকিৎসালয়লৈ প্ৰেৰন কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক :Bathou Puja 2024: আজি বড়ো সমাজৰ পবিত্ৰ বাথৌ পূজা