Me-Dam-Me-Phi :আজিৰে পৰা ধেমাজিৰ হাবুং ক্ষেত্ৰত আৰম্ভ মে-ডাম-মে-ফি উৎসৱ
ধেমাজি,২৭জানুৱাৰী: আজিৰে পৰা ধেমাজিৰ হাবুং ক্ষেত্ৰত আৰম্ভ হৈছে মে-ডাম-মে-ফি উৎসৱ৷
সাধাৰণতে ৩১ জানুৱাৰীত মে-ডাম-মে-ফি উৎসৱ পালন কৰা হয়৷ কিন্তু স্বৰ্গদেউ চাওঁ লুং চুকাফাৰ ২য় ৰাজধানী ১২ ৪০—১২ ৪২ এই হাবুং ক্ষেত্ৰত পাতিছিল৷
অসমীয়া জাতিৰ পিতা চুকাফাৰ পৱিত্ৰ ক্ষেত্ৰত সমন্বয়ৰ বাৰ্তাৰে ইতিমধ্যে বিদেশত জনাজাত হ’ব ধৰিছে আৰু যোৱা ২৫ জানুৱাৰীত ম্যানমাৰৰ পৰা ২০ জনীয়া টাই বংশধৰৰ আগমন হৈছে(
Me-Dam-Me-Phi)৷
আজি ২৭ তাৰিখৰ পৰা মে-ডাম-মে-ফি উৎসৱ আৰম্ভ হয়৷ ৰাতিপুৱা চাওঁ ছেং ৰেণত তিনি গজি চাকিৰে শুভ আৰম্ভ কৰাৰ পিছত উৰনীয়া সিংহৰ প্ৰতীক ধ্বজাৰে শুভ আৰম্ভ কৰা হয় ৷ ইতিমধ্যে সকলো কাৰ্যক্ৰম আৰম্ভ হৈছে ৷ ইতিমধ্যে ব্যৱসায়ৰ বিপনী আৰু নানা দিশত এচাম নিবনুৱাই পাঁচটা দিনত উপকৃত হব বুলি প্ৰকাশ হৈছে ৷
লগতে পঢ়ক :BTR Accord Day:গোসাইগাঁৱত বিটিআৰৰ পঞ্চম সংখ্যক শান্তি চুক্তি উদযাপন