Local, Vocal, Global

Excise Departments raids : গণৰাজ্য দিৱসৰ নিশাই সোণাপুৰৰ ধাবাত আবকাৰী বিভাগৰ অভিযান

সোণাপুৰ ২৭জানুৱাৰী : গণৰাজ্য দিৱসৰ নিশাই সোণাপুৰৰ ধাবাত চলিল আবকাৰী বিভাগৰ অভিযান।

ধাবা ৰিজৰ্ট সমূহে যাতে সুৰা বিক্ৰী কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ লক্ষ্যৰে দেওবাৰে নিশা সোণাপুৰত উপস্থিত হয় আবকাৰী বিভাগৰ দল। ধাবা ৰিজৰ্ট তথা বাৰ সমূহত গণৰাজ্য দিৱসৰ নিশা সুৰা বিক্ৰী বন্ধ সুনিশ্চিত কৰে দলটিয়ে(Excise Departments raids)।

ইয়াৰ উপৰিও সোণাপুৰত অবৈধ ভাৱে সুৰাৰ ব্যৱসায় চলায় থকা ধাবা ৰিজৰ্ট সমূহকো সংবাদ মাধ্যমৰ জৰিয়তে সকীয়নী প্ৰদান কৰাৰ লগতে ডিমৰীয়াৰ কোনো স্থানতে ধাবা ৰিজৰ্ট সমূহৰ কৰ্তৃপক্ষক অবৈধ সুৰাৰ ব্যৱসায় নকৰিবলৈ আহ্বান জনায়। অন্যথা আইনগত ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে আবকাৰী বিভাগৰ দলটিয়ে।

লগতে পঢ়ক :BTR Accord Day: বিটিআৰ শান্তি চুক্তি দিৱস উপলক্ষে মুছলপুৰত বাইক সমদল