Local, Vocal, Global

5lakh to the family of artist Rajiv Shadia : শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰীৰ

২৭ জানুৱাৰী ২০২৫ ৱেব ডেস্ক : জনতাৰ শিল্পী প্ৰয়াত ৰাজীৱ শদিয়াক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে শ্ৰদ্ধাঞ্জলি যাচিছে যদিও ৰাজ্য চৰকাৰৰ ফালৰ পৰা শিল্পীগৰাকীৰ পৰিয়ালটোক কোনোধৰণৰ সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰা হোৱা নাছিল ।বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যৰ শিল্পী সমাজেও দাবী কৰিছিল শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে । অৱশেষত প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীৰ হৈ চাবুৱাত এই কথা সংবাদ মাধ্যমক জনালে বিধায়ক বিনোদ হাজৰিকাই ।