Sensational incident:অৱশেষত উদ্ধাৰ হ’ল জখলাবন্ধাৰ অজয় সিঙৰ মৃতদেহ
নিউজ ডেস্ক,২৭জানুৱাৰী : অৱশেষত উদ্ধাৰ হ’ল জখলাবন্ধাৰ অজয় সিঙৰ মৃতদেহ৷ দীৰ্ঘ সময়জোৰা অভিযানৰ অন্তত উদ্ধাৰ মৃতদেহটো।
গণৰাজ্য দিৱসৰ দিনাই নিশা কলিয়াবৰ হাতীমূৰাৰ ভগা মাঠাউৰিত সংঘটিত হৈছিল অঘটন।
ভঙা মাথাউৰীৰ পৰা প্ৰায় ২০ফুট তলত পৰিল এখন তীব্ৰ বেগী বাইক(Sensational incident)।
ভগ্ন মথাউৰিৰ পৰা পৰি সন্ধানহীন হৈছিল অজয় সিং ।
তাৰ পিছতে অজয়ক বিচাৰি আৰম্ভ হৈছিল অভিযান ।দীৰ্ঘ সময়ৰ অভিযানৰ অন্তত উদ্ধাৰ হয় মৃতদেহ ।
প্ৰত্যক্ষদর্শীৰ মতে বাইক খনত দুজন লোক আছিল।
ঘটনাস্থলিত জখলাবন্ধা আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত।
ৰাইজৰ সহায়ত পানীৰ মাজৰ পৰা উদ্ধাৰ বাইক খন।
উদ্ধাৰ হোৱা TVS কোম্পানীৰ বাইকখনৰ নম্বৰ হল AS-02-AR-4969।
লগতে পঢ়ক :Massive Cache of Weapons Recovered:পুনৰ হিংসাজৰ্জৰ মণিপুৰত সেনাৰ অভিযানত উদ্ধাৰ বিশাল অস্ত্ৰভাণ্ডাৰ